Children Welfare Society (NGO)ৰ দৰিদ্ৰ জণসাধাৰনৰ মাাজত খাদ্য সামগ্ৰী বিতৰনঃ

Children Welfare Society (NGO)ৰ দৰিদ্ৰ জণসাধাৰনৰ মাাজত খাদ্য সামগ্ৰী বিতৰনঃ

মানুহে মানুহৰ বাবে এই আপ্ত বাক্যশাৰীকেই সাৰোগত বাঘবৰ সমষ্টিৰ "Children Welfare Society (NGO)" ই দাঙি ধৰিলে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন।

বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ   সমগ্ৰ বিশ্বতে ক'ৰোনা নামৰ মহামাৰীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। চীনৰ য়ুহান প্ৰদেশৰ পৰা উৎপত্তি হোৱা এই বিষাক্ত ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে বৰ্তমানলৈ ৭,৯৯,৭১০ ব্যক্তি আক্ৰান্তৰ বিপৰিতে ৩৮,৭২৯ ব্যক্তিয়ে মৃত্যুক সাৱতি লবলগীয়া হৈছে। অবশ্যে বৰ্তমানলৈ ১,৬৯,৯৭৬ জন লোক এই বিষাক্ত ভাইৰাছৰ কবলৰ পৰা মুক্ত হৈছে বুলি জানি পৰা গৈছে।

সমগ্ৰ বিশ্বৰ বিভিন্ন দেশে ক'ৰোনা ভাইৰাছক ৰুধিবলৈ নিজ নিজ দেশত লক ডাউন ঘোষণা কৰাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনীয়া লক ডাউনৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ এই জণসুৰক্ষাকাৰী আহ্বানক দেশবাসীয়ে আদৰি লৈছে যদিও কিছু কিছু ঠাইত ইয়াৰ ব্যতিক্ৰমী ছবি দেখিবলৈ পোৱা গৈছে।

এনে এক জটিল সন্ধিক্ষণত ২১ দিনীয়া লক ডাউনৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। যাৰ ফলত দুখীয়া জণগনে এমুঠি  অন্নৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱত অনাহাৰে দিন পাৰ কৰিবলগীয়া হৈছে বহুতো দুখীয়া জনসাধাৰনে।

চৰকাৰে সাহাৰ্য্য ঘোষণা কৰিছে যদিও এতিয়ালৈকে জণসাধাৰনে লাভ কৰা নাই কোনো ধৰণৰ সামগ্ৰী। তাৰ বিপৰিতে প্ৰশাসনৰ অনুমতি লৈ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ছিলড্ৰেন ওৱেলফেয়াৰ ছ'ছাইটিয়ে যোৱা ২২ মাৰ্চৰ পৰাই দুখীয়া ৰাইজৰ মাজত চাউল,দালি,নিমখ,ছেনিটাইজাৰ আদি সামগ্ৰী বিতৰন কৰি আহিছে। এন জি অ' টোৱে আজি বাঘবৰ সমষ্টিৰ ৰামাপাৰা চৰৰ কেইবাঘৰ দুখীয়া মানুহক প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

 Children Welfare Society (NGO)ৰ মুখ্য উপদেষ্টা অধ্যাপক লুতফৰ ৰহমান, সভাপতি ৰাশিদুল ইছলাম, সাধাৰণ সম্পাদক ৰহিম বাদছা আদিয়ে অসমবাসীক এই দুৰ্যোগৰ সময়ত দৰিদ্ৰ জণসাধাৰণক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।

Comments

Popular posts from this blog

বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী

অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়ধীশ ইছমাইল হুছেইন মল্লিকৰ দেহাৱসান