বাঘবৰ জুনিয়ৰ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ মহানুভৱতা, দৰিদ্ৰ জণগনক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

বাঘবৰ জুনিয়ৰ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ মহানুভৱতা, দৰিদ্ৰ জণগনক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ   সমগ্ৰ বিশ্বতে ক'ৰোনা নামৰ মহামাৰীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। চীনৰ য়ুহান প্ৰদেশৰ পৰা উৎপত্তি হোৱা এই বিষাক্ত ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে বৰ্তমানলৈ  ৩৫,০০০ জন ব্যক্তিৰ প্ৰাণ-নাশৰ বিপৰিতে  ৭,৩৭,৫৭৭  জন আক্ৰান্ত হৈছে। এই আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পোৱাৰ বিপৰিতে কেইবাহাজাৰ লোক এই বিষাক্ত ভাইৰাছৰ কবলৰ পৰা মুক্ত হৈছে বুলি জানি পৰা গৈছে।

সমগ্ৰ বিশ্বৰ বিভিন্ন দেশে ক'ৰোনা ভাইৰাছক ৰুধিবলৈ নিজ নিজ দেশত লক ডাউন ঘোষণা কৰাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনীয়া লক ডাউনৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ এই জণসুৰক্ষাকাৰী আহ্বানক দেশবাসীয়ে আদৰি লৈছে যদিও কিছু কিছু ঠাইত ইয়াৰ ব্যতিক্ৰমী ছবি দেখিবলৈ পোৱা গৈছে।

এনে এক জটিল সন্ধিক্ষণত ২১ দিনীয়া লক ডাউনৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। যাৰ ফলত দুখীয়া জণগনে এমুঠি  অন্নৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে।

চৰকাৰে সাহাৰ্য্য ঘোষণা কৰিছে যদিও এতিয়ালৈকে জণসাধাৰনে লাভ কৰা নাই কোনো ধৰণৰ সামগ্ৰী। তাৰ বিপৰিতে প্ৰশাসনৰ অনুমতি লৈ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত বাঘবৰ জুনিয়ৰ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ উদ্যোগত প্ৰায়  ১২০ গৰাকী দিন হাজিৰা কৰা ব্যক্তি, বিধৱা মহিলা, বিশেষভাৱে সক্ষম আদি লোকক নিজা উদ্যোগত ৩ কিলোগ্ৰামকৈ চাউল,৩০০ গ্ৰাম দালি,১ কিলোগ্ৰাম নিমখ, ১০০ গ্ৰাম মিঠাতেল, ১ কিলো বিলাহী, ৩০০ গ্ৰাম জলকীয়া আদি সামগ্ৰী বিতৰণ কৰে।

লগতে সংগঠণটোৱে সমগ্ৰ অসমতেই স্থানীয় দল সংগঠণৰ দ্বাৰা এনে জণহিতৈষী পদক্ষেপ তথা দৰিদ্ৰ জণগনক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।

Comments

Popular posts from this blog

বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী

অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়ধীশ ইছমাইল হুছেইন মল্লিকৰ দেহাৱসান