কালপানী মছজিদৰ ঘটণা সম্পৰ্কত আমছুৰ প্ৰতিক্ৰিয়া

বাক্সাৰ কালপানী মছজিদৰ ঘটণা সম্পৰ্কত আমছুৰ প্ৰতিক্ৰিয়া
এক প্ৰেছ বিবৃতি যোগে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসয়ে জনায় যে যোৱা কালি অৰ্থাৎ ০১-০৩-২০২০ তাৰিখে বাক্সা জিলাৰ কালপানী মছজিদত কোনোবা দুস্কৃতিকাৰীয়ে কোৰান শ্বৰীফ আৰু হাদিছ শ্বৰীফৰ কেইখনমান কিতাপ জ্বলাই দিয়ে ‌।এই কাৰ্যটোক আমছুৱে তীব্র ভাষাৰে গৰিহণা দিয়ে । লগতে আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্ঠান্তমুলক শাস্থি প্ৰদান কৰিবলৈ দাবী জনায়। আনহাতে কালপানী মছজিদৰ ঘটনাটোক লৈ যাতে কোনো লোকেই সমাজত অশান্তি বিয়পাব নোৱাৰে তাৰ বাবে  আৰক্ষীক  যাবতীয় ব‍্যৱস্হা গ্ৰহণ কৰিবলৈ দাবী জনায়।বিটিচি অঞ্চলত বসবাস কৰা সকলো পক্ষৰ ৰাইজক  ধৰ্য আৰু সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনায়।

বিটিচি নিৰ্বাচনৰ পূৰ্বে একাংশ লোকে ৰাজনৈতিক মুনাফা আদায়ৰ উদ্দেশ্যৰে এনেধৰণৰ অপ্ৰিতিকৰ ঘটনা সংগঠিত কৰিবলৈ প্ৰয়াস কৰি থকা আমাৰ দৃষ্ঠিগোচৰ হৈছে।এই ক্ষেত্ৰত আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনায়।এখন ধৰ্ম গ্ৰন্থ জ্বলাই দি সেই ধৰ্মৰ নীতি আদৰ্শক কেতিয়াও শেষ কৰিব নোৱাৰে।এই ক্ষেত্ৰত সকলোৱে ধৰ্য‍্য আৰু সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনোলো।অসম চৰকাৰে অসমৰ সংখ্যালঘু ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব‍্যৰ্থ হৈছে। অসমত বসবাস কৰা প্ৰতিগৰাকী ব‍্যক্তিৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰক।অন‍্যথাই আমছুৱে গোটেই অসম ব‍্যাপি গনতান্তিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব।

Comments

Popular posts from this blog

বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী

অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়ধীশ ইছমাইল হুছেইন মল্লিকৰ দেহাৱসান