প্ৰাঞ্জলৰ পিছত এইবাৰ NIAৰ জাননী স্নাতক মহলাৰ ছাত্ৰ আছিক আলীলৈ

প্ৰাঞ্জলৰ পিছত এইবাৰ নিয়াৰ জাননী স্নাতক মহলাৰ ছাত্ৰ আছিক আলীলৈ

"কা" বিৰোধী সংগ্ৰামক নেতৃত্ব দিয়াৰ বাবে অখিল গগৈ,বিতু সোণোৱাল আদি কৰি কৃষক মুক্তি তথা ছাত্ৰ মুক্তিৰ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতাক মাওঁবাদীৰ সৈতে জড়িত থকাৰ অভিযোগ আনি নিয়াই গ্ৰেফতাৰ কৰিছে। 

শেহতীয়াকৈ কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা  বৰ্তমান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা প্ৰাঞ্জল কলিতাক"নিয়া"ই জাননী দিয়া কাৰ্যক সৰ্বত্ৰে সমালোচনা কৰাৰ সময়তে,আজি নতুনকৈ ছাত্ৰ মুক্তিৰ গুৱাহাটী মহানগৰ সমিতিৰ যুটীয়া সম্পাদক তথা স্নাতক মহলাৰ ছাত্ৰ আছিক আলীক নিয়াই জাননী জাৰি কৰিছে। 

'নৰ্থ ইষ্ট ভয়েজ'ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক বাবুল হুছেইনে কয়- চৰকাৰে সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে কা বিৰোধী সংগ্ৰাম খনক মষিমুৰ  কৰাৰ উদ্দেশ্যেৰে কৃষক মুক্তি তথা ছাত্ৰ মুক্তিৰ নেতাসকলক টাৰ্গেট কৰা বুলি অভিযোগ উত্থাপন কৰে। সমান্তৰালভাৱে ছাত্ৰ নেতা গৰাকীয়ে নিয়াই ছাত্ৰ মুক্তিৰ গুৱাহাটী মহানগৰ সমিতিৰ যুটীয়া সম্পাদক আছিক আলীক জাননী দিয়া কাৰ্য্য ধিক্কাৰ প্ৰদান কৰে। তেওঁ আৰু কয় যে যিটো ২০০৯  চনৰ গোচৰৰ সৈতে সাঙুৰি আছিক আলীক জাননী জাৰি কৰিছে, সেইসময়ত আছিক আলীৰ বয়স আছিল মাত্ৰ ৯ বছৰ। তেনেস্থলত ৯ বছৰীয়া ছাত্ৰ এজনে কেনেকৈ মাওবাদৰ সৈতে জড়িত হব পাৰে,গতিকে এই অভিযোগ সম্পূৰ্ণৰূপে ভূৱা তথা ভিত্তিহীন।

আনহাতে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক হুছেইনে আৰু কয় যে চৰকাৰে সম্পূৰ্ণৰূপে পৰিকল্পিতভাৱে জনতাৰ কণ্ঠক ৰুদ্ধ কৰিবলৈ অখিল গগৈক গ্ৰেফতাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। কাৰাগাৰত অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি হোৱাত কাৰাগাৰ কতৃপক্ষই উন্নত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰে অখিল গগৈক তিলতিলকৈ হত্যা কৰিব বিছাৰিছে।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী তথা ৰাজ্যৰ সোণোৱাল চৰকাৰক সমালোচনা কৰি ছাত্ৰ নেতা গৰাকীয়ে কয়- এতিয়া দেশত গণতন্ত্ৰ নাই,দেশত এতিয়া হিটলাৰী শাসন চলিছে।

Comments

Popular posts from this blog

বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী

লক ডাউনৰ সময়ত বৰপেটাৰ Charakpara Five Star Clubৰ মহানুভৱতা, দুখীয়া ৰাইজৰ মাজত বিতৰন কৰিলে খাদ্য সামগ্ৰী