বৰপেটা আইন মহাবিদ্যালয়ৰ অধ্যাপক তথা জেষ্ঠ্য অধিবক্তা মৃগেন দাসৰ দেহাৱসান
বৰপেটা আইন মহাবিদ্যালয়ৰ অধ্যাপক মৃগেন দাসৰ মৃত্যু
বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ বৰপেটা আইন মহাবিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট অধিবক্তা, অসম গণ পৰিষদ দলৰ অন্যতম নেতা তথা বৰপেটা গান্ধীনগৰ নিবাসী মৃগেন দাসে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে ৷ অসম গণ পৰিষদ দল প্ৰতিষ্ঠাৰ পৰাই দলটোৰ হকে সক্ৰিয়ভাবে কাম কাজ কৰি অহা বিশিষ্ট অধিবক্তা গৰাকী বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল ৷ অসুস্থতাৰ বাবে প্ৰায় দুমাহ পূৰ্বে দাসে বৰপেটা আইন মহাবিদ্যালয়ৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬১ বছৰ ৷ দাসে মৃত্যুৰ সময়ত পত্নীসহ এগৰাকী জীয়াৰী, এগৰাকী পুত্ৰৰ লগতে আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷ দাসৰ মৃত্যুত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, অগপৰ বৰপেটা জিলা সমিতি,বৰপেটা আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে ছাত্ৰ ছাত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

Comments
Post a Comment