বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ প্ৰেছ বিবৃতি,কি কলে চাওক...

বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজৰ প্ৰাক্তন ইডিটৰ-ইন-চীফ অজিত কুমাৰ ভূঞাৰ প্ৰেছ বিবৃতি

নৰ্থ ইষ্ট ভয়েজঃ  আগন্তুক ৰাজ্যসভা নির্বাচনত কংগ্ৰেছ , এ আই ইউ ডি এফকে ধৰি ‘ কা' বিৰােধী জাতীয় সন্মিলিত শক্তিয়ে এজন ৰাজনৈতিক দলবহির্ভুত ব্যক্তিক প্রার্থিত্ব দিবলৈ বিচৰাত মােৰ নামটো চৰ্চালৈ আহিছে । ধর্ম নিৰপেক্ষ , গণতান্ত্রিক প্রমূল্যত বিশ্বাসী , ‘ কা' বিৰােধী আৰু জাতীয় শক্তিসমূহৰ উমৈহতীয়া প্রার্থী হিচাপে মােৰ নাম চর্চিত হােৱাত মই সন্মানিত অনুভৱ কৰিছোঁ , আৰু যদি প্রার্থিত্ব প্রদান কৰা হয় তেন্তে তাক সন্মানসহকাৰে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ । দেশৰ সংবিধানৰ প্রমূল্য , জাতীয় ঐক্য ৰক্ষা আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্রামখনক চলাই নিবলৈ মই অহর্নিশে চেষ্টা কৰি আছোঁ । সংসদত প্রতিনিধিত্ব লাভৰ সুযােগে এই সংগ্রামখনক অধিক ঐক্যবদ্ধ আৰু ফলপ্রসু হােৱাত সহায়ক ভূমিকা গ্রহণ কৰিব বুলি মই নিশ্চিত । এই নতুন যাত্রা আৰু সংগ্ৰামৰ পথত অসমৰ সমূহ ধর্মনিৰপেক্ষ , জাতীয়তাবাদী শক্তিৰ সহায় আৰু সহযােগ পাম বুলি মই আশাবাদী ।

Comments

Popular posts from this blog

বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী

লক ডাউনৰ সময়ত বৰপেটাৰ Charakpara Five Star Clubৰ মহানুভৱতা, দুখীয়া ৰাইজৰ মাজত বিতৰন কৰিলে খাদ্য সামগ্ৰী