বৰপেটাত পুখুৰীত পৰি অকালতে প্ৰাণ গ'ল ৩ কিশোৰী,শোকাকুল পৰিৱেশ পৰিয়ালত

বৰপেটাত পুখুৰীত পৰি অকালতে পৃথিৱী এৰি গুচি গ'ল ৩ কিশোৰী,পৰিয়ালত কান্দোনৰ ৰোল

বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ   বৰপেটাত  সংঘটিত হৈছে এক কৰুণ ঘটনা ৷বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটালৰ পিচফালৰ যঁতিগাওত পুখুৰীত পৰি তিনিজনী কিশোৰীৰ মৃত্যু ৷ মৃত কিশোৰী কেইগৰাকী হৈছে- ৰিতুস্মিতা নাথ, প্ৰীতিৰেখা নাথ, মৃদুস্মিতা দাস ৷

জানিব পৰা মতে- হোলী খেলাৰ পিচতে এটা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰীকেইজনী ৷
ৰিতুস্মিতা নাথ আৰু প্ৰীতিৰেখা নাথ দুয়োজনী নিজ ভগ্নী ৷ আনহাতে মৃদুস্মিতা দাস আছিল তেওঁলোকৰ সম্পৰ্কীয় ভগ্নী ৷

নিজ ঘৰৰ পিচফালে থকা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰী কেইগৰাকী ৷ সলিল সমাধি ঘটা মধুস্মিতা দাস নামৰ কিশোৰীজনী দীনেশ দাসৰ কন্যা  ৷ দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল মধুস্মিতা দাস (১৬) ৷ আনহাতে সত্যজিৎ নাথৰ দুই কন্যা ক্ৰমে ৰিতুস্মিতা নাথ (১৪) আৰু প্ৰীতিৰেখা নাথ( ১২) ৷ অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল ৰিতুস্মিতা নাথ ৷ আনহাতে প্ৰীতিৰেখা নাথে ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি আছিল ৷

সম্প্ৰতি সমগ্ৰ বৰপেটাতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

Comments

Popular posts from this blog

বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী

লক ডাউনৰ সময়ত বৰপেটাৰ Charakpara Five Star Clubৰ মহানুভৱতা, দুখীয়া ৰাইজৰ মাজত বিতৰন কৰিলে খাদ্য সামগ্ৰী