বৰপেটাত পুখুৰীত পৰি অকালতে প্ৰাণ গ'ল ৩ কিশোৰী,শোকাকুল পৰিৱেশ পৰিয়ালত
বৰপেটাত পুখুৰীত পৰি অকালতে পৃথিৱী এৰি গুচি গ'ল ৩ কিশোৰী,পৰিয়ালত কান্দোনৰ ৰোল
বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ বৰপেটাত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটালৰ পিচফালৰ যঁতিগাওত পুখুৰীত পৰি তিনিজনী কিশোৰীৰ মৃত্যু ৷ মৃত কিশোৰী কেইগৰাকী হৈছে- ৰিতুস্মিতা নাথ, প্ৰীতিৰেখা নাথ, মৃদুস্মিতা দাস ৷
জানিব পৰা মতে- হোলী খেলাৰ পিচতে এটা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰীকেইজনী ৷
ৰিতুস্মিতা নাথ আৰু প্ৰীতিৰেখা নাথ দুয়োজনী নিজ ভগ্নী ৷ আনহাতে মৃদুস্মিতা দাস আছিল তেওঁলোকৰ সম্পৰ্কীয় ভগ্নী ৷
নিজ ঘৰৰ পিচফালে থকা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰী কেইগৰাকী ৷ সলিল সমাধি ঘটা মধুস্মিতা দাস নামৰ কিশোৰীজনী দীনেশ দাসৰ কন্যা ৷ দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল মধুস্মিতা দাস (১৬) ৷ আনহাতে সত্যজিৎ নাথৰ দুই কন্যা ক্ৰমে ৰিতুস্মিতা নাথ (১৪) আৰু প্ৰীতিৰেখা নাথ( ১২) ৷ অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল ৰিতুস্মিতা নাথ ৷ আনহাতে প্ৰীতিৰেখা নাথে ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি আছিল ৷
সম্প্ৰতি সমগ্ৰ বৰপেটাতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

Comments
Post a Comment