ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী
- ডুমডুমীয়াত অসম মিঞা পৰিষদৰ উদ্যোগত আয়োজিত গণ গর্জন কাৰ্যসূচী ঃ
আজি ধিংৰ ডুমডুমীয়াত অসম মিঞা পৰিষদৰ উদ্যোগত আয়োজিত এই গণ গর্জন কাৰ্যসূচীত ভাষণ প্ৰদান কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে
চৰকাৰে বলপূৰ্বকভাৱে জাপি দিলেও সংবিধান বিৰোধী, সাম্প্ৰদায়িক, অসম চুক্তি বিৰোধী আৰু অসমীয়া জাতিধ্বংসী কাৰ দৰে কলা আইন অসমৰ ৰাইজে আৰু অসমীয়া জাতিয়ে কেতিয়াও মানি নলয় বুলি হুংকাৰ প্ৰদান কৰে।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীন সংগ্ৰামলৈ চৰকাৰে ভয় কৰে বাবেই কৃষক মুক্তি সংগ্ৰাম সমিতিক ধ্বংসৰ ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে ছাত্ৰ নেতা আশ্ৰাফুল ইছলামে।
কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ নেতা বিতু সোণোৱাল আৰু মানস কোঁৱৰসহ সকলো কাৰাৰুদ্ধ নেতাৰ বিনাচৰ্তে মুক্তিৰ দাবীও সজোৰে উত্থাপন কৰে ছাত্ৰ মুক্তিৰ নেতা গৰাকীয়ে।
চৰকাৰ সকলো ষড়যন্ত্ৰ আৰু বিভাজনৰ ৰাজনীতিক উফৰাই অসমৰ সকলো ৰাইজ আৰু দল-সংগঠনক 'কা'ৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ বাবে আহ্বান জনায় ছাত্ৰ মুক্তিৰ নেতা আশ্ৰাফুল ইছলামে।

Comments
Post a Comment