বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰীঃ


বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ   সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে মহামাৰী ৰূপ লোৱাৰ বাবে বিশ্ববাসী এতিয়া আতংকময় পৰিৱেশত থাকিব লগা হৈছে। এই মহামাৰীৰ পৰা হাত হাৰিবলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ২১ দিনীয়া লক ডাউন ঘোষণা কৰিছে। এই সময়ছোৱাতে একাংশ দৰিদ্ৰ লোকে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে। তেনে এক সংকটময় সময়ত অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে বজালীৰ বতিয়ামাৰীৰ একাংশ শিক্ষক, সামৰিক বিভাগত কাম কৰা ব্যক্তি তথা কেইজনমান ব্যৱসায়িৰ উদ্যোগত ১৫০ ঘৰ দৰিদ্ৰ লোকক প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে।

‌লগতে  ব্যক্তিসকলে এই দুৰ্যোগৰ সময়ত অসমবাসীক আৰ্তজনৰ কাষত থিয় হবলৈ অনুৰোধ জনায় আৰু চৰকাৰে আহ্বান জনোৱা লক ডাউন মানি এই মহামাৰীৰ পৰা হাত সাৰিবলৈ চৰকাৰক  সহযোগ কৰিবলৈ  আহ্বান জনায়।

Comments

Popular posts from this blog

ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী

লক ডাউনৰ সময়ত বৰপেটাৰ Charakpara Five Star Clubৰ মহানুভৱতা, দুখীয়া ৰাইজৰ মাজত বিতৰন কৰিলে খাদ্য সামগ্ৰী