লক ডাউনৰ সময়ত বৰপেটাৰ Charakpara Five Star Clubৰ মহানুভৱতা, দুখীয়া ৰাইজৰ মাজত বিতৰন কৰিলে খাদ্য সামগ্ৰী

লক ডাউনৰ সময়ত Charakpara Five Star Clubৰ মহানুভৱতা, দুখীয়া ৰাইজৰ মাজত বিতৰন কৰিলে খাদ্য সামগ্ৰীঃ

মানুহে মানুহৰ বাবে এই আপ্ত বাক্যশাৰীকেই সাৰোগত বৰপেটাৰ Charakpara Five Star Clubএ দাঙি ধৰিলে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন।

সমগ্ৰ বিশ্বতে ক'ৰোনা নামৰ মহামাৰীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। চীনৰ য়ুহান প্ৰদেশৰ পৰা উৎপত্তি হোৱা এই বিষাক্ত ভাইৰাছৰ ফলত ভাৰতবৰ্ষত বৰ্তমানলৈ ৬,২৩৭ ব্যক্তি আক্ৰান্তৰ বিপৰিতে ১৮৪ জন  ব্যক্তিয়ে মৃত্যুক সাৱতি লবলগীয়া হৈছে। অবশ্যে বৰ্তমানলৈ ৫৬৯ জন লোক এই বিষাক্ত ভাইৰাছৰ কবলৰ পৰা মুক্ত হৈছে বুলি জানি পৰা গৈছে।

সমগ্ৰ বিশ্বৰ বিভিন্ন দেশে ক'ৰোনা ভাইৰাছক ৰুধিবলৈ নিজ নিজ দেশত লক ডাউন ঘোষণা কৰাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনীয়া লক ডাউনৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ এই জণসুৰক্ষাকাৰী আহ্বানক দেশবাসীয়ে আদৰি লৈছে যদিও কিছু কিছু ঠাইত ইয়াৰ ব্যতিক্ৰমী ছবি দেখিবলৈ পোৱা গৈছে।

এনে এক জটিল সন্ধিক্ষণত ২১ দিনীয়া লক ডাউনৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। যাৰ ফলত দুখীয়া জণগনে এমুঠি  অন্নৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱত অনাহাৰে দিন পাৰ কৰিবলগীয়া হৈছে বহুতো দুখীয়া জনসাধাৰনে।

চৰকাৰে সাহাৰ্য্যৰ যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়,বহুতো দুখীয়া লোক বঞ্চিত হৈছে চৰকাৰৰ সাহাৰ্য্যৰ পৰা ।  তেনে এক সংকটময় সময়ত বৰপেটা জিলাৰ চৰকপাৰা গাওঁৰ চৰকপাৰা ফাইভ ষ্টাৰ ক্লাৱৰ সৌজন্যত আজি ৭০ ঘৰ  দুখীয়া ৰাইজৰ মাজত চাউল, দালি, নিমখ, মিঠাতেল,আলু,চাবোন আদি সামগ্ৰী বিতৰন কৰে।

 ক্লাৱখনৰ সকলো সদস্যই অসমবাসীক এই দুৰ্যোগৰ সময়ত দৰিদ্ৰ জণসাধাৰণক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় লগতে চৰকাৰে আহ্বান জনোৱা লক ডাউন সম্পৰ্ণৰূপে মানি চলিবলৈ বিনম্ৰতাৰে অনুৰোধ জনায়।

Comments

Popular posts from this blog

বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী

অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়ধীশ ইছমাইল হুছেইন মল্লিকৰ দেহাৱসান