Posts

Showing posts from March, 2020

Children Welfare Society (NGO)ৰ দৰিদ্ৰ জণসাধাৰনৰ মাাজত খাদ্য সামগ্ৰী বিতৰনঃ

Image
Children Welfare Society (NGO)ৰ দৰিদ্ৰ জণসাধাৰনৰ মাাজত খাদ্য সামগ্ৰী বিতৰনঃ মানুহে মানুহৰ বাবে এই আপ্ত বাক্যশাৰীকেই সাৰোগত বাঘবৰ সমষ্টিৰ "Children Welfare Society (NGO)" ই দাঙি ধৰিলে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ    সমগ্ৰ বিশ্বতে ক'ৰোনা নামৰ মহামাৰীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। চীনৰ য়ুহান প্ৰদেশৰ পৰা উৎপত্তি হোৱা এই বিষাক্ত ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে বৰ্তমানলৈ ৭,৯৯,৭১০ ব্যক্তি আক্ৰান্তৰ বিপৰিতে ৩৮,৭২৯ ব্যক্তিয়ে মৃত্যুক সাৱতি লবলগীয়া হৈছে। অবশ্যে বৰ্তমানলৈ ১,৬৯,৯৭৬ জন লোক এই বিষাক্ত ভাইৰাছৰ কবলৰ পৰা মুক্ত হৈছে বুলি জানি পৰা গৈছে। সমগ্ৰ বিশ্বৰ বিভিন্ন দেশে ক'ৰোনা ভাইৰাছক ৰুধিবলৈ নিজ নিজ দেশত লক ডাউন ঘোষণা কৰাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনীয়া লক ডাউনৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ এই জণসুৰক্ষাকাৰী আহ্বানক দেশবাসীয়ে আদৰি লৈছে যদিও কিছু কিছু ঠাইত ইয়াৰ ব্যতিক্ৰমী ছবি দেখিবলৈ পোৱা গৈছে। এনে এক জটিল সন্ধিক্ষণত ২১ দিনীয়া লক ডাউনৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। যাৰ ফলত দুখীয়া জণগনে এমুঠি  অন্নৰ ব...

বাঘবৰ জুনিয়ৰ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ মহানুভৱতা, দৰিদ্ৰ জণগনক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

Image
বাঘবৰ জুনিয়ৰ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ মহানুভৱতা, দৰিদ্ৰ জণগনক প্ৰদান কৰিলে খাদ্য সামগ্ৰী বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ    সমগ্ৰ বিশ্বতে ক'ৰোনা নামৰ মহামাৰীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। চীনৰ য়ুহান প্ৰদেশৰ পৰা উৎপত্তি হোৱা এই বিষাক্ত ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে বৰ্তমানলৈ  ৩৫,০০০ জন ব্যক্তিৰ প্ৰাণ-নাশৰ বিপৰিতে  ৭,৩৭,৫৭৭   জন আক্ৰান্ত হৈছে। এই আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পোৱাৰ বিপৰিতে কেইবাহাজাৰ লোক এই বিষাক্ত ভাইৰাছৰ কবলৰ পৰা মুক্ত হৈছে বুলি জানি পৰা গৈছে। সমগ্ৰ বিশ্বৰ বিভিন্ন দেশে ক'ৰোনা ভাইৰাছক ৰুধিবলৈ নিজ নিজ দেশত লক ডাউন ঘোষণা কৰাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনীয়া লক ডাউনৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ এই জণসুৰক্ষাকাৰী আহ্বানক দেশবাসীয়ে আদৰি লৈছে যদিও কিছু কিছু ঠাইত ইয়াৰ ব্যতিক্ৰমী ছবি দেখিবলৈ পোৱা গৈছে। এনে এক জটিল সন্ধিক্ষণত ২১ দিনীয়া লক ডাউনৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। যাৰ ফলত দুখীয়া জণগনে এমুঠি  অন্নৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। চৰকাৰে সাহাৰ্য্য ঘোষণা কৰিছে যদিও এতিয়ালৈকে জণসাধ...

বৰপেটাত পুখুৰীত পৰি অকালতে প্ৰাণ গ'ল ৩ কিশোৰী,শোকাকুল পৰিৱেশ পৰিয়ালত

Image
বৰপেটাত পুখুৰীত পৰি অকালতে পৃথিৱী এৰি গুচি গ'ল ৩ কিশোৰী,পৰিয়ালত কান্দোনৰ ৰোল বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ    বৰপেটাত  সংঘটিত হৈছে এক কৰুণ ঘটনা ৷বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটালৰ পিচফালৰ যঁতিগাওত পুখুৰীত পৰি তিনিজনী কিশোৰীৰ মৃত্যু ৷ মৃত কিশোৰী কেইগৰাকী হৈছে- ৰিতুস্মিতা নাথ, প্ৰীতিৰেখা নাথ, মৃদুস্মিতা দাস ৷ জানিব পৰা মতে- হোলী খেলাৰ পিচতে এটা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰীকেইজনী ৷ ৰিতুস্মিতা নাথ আৰু প্ৰীতিৰেখা নাথ দুয়োজনী নিজ ভগ্নী ৷ আনহাতে মৃদুস্মিতা দাস আছিল তেওঁলোকৰ সম্পৰ্কীয় ভগ্নী ৷ নিজ ঘৰৰ পিচফালে থকা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰী কেইগৰাকী ৷ সলিল সমাধি ঘটা মধুস্মিতা দাস নামৰ কিশোৰীজনী দীনেশ দাসৰ কন্যা  ৷ দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল মধুস্মিতা দাস (১৬) ৷ আনহাতে সত্যজিৎ নাথৰ দুই কন্যা ক্ৰমে ৰিতুস্মিতা নাথ (১৪) আৰু প্ৰীতিৰেখা নাথ( ১২) ৷ অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল ৰিতুস্মিতা নাথ ৷ আনহাতে প্ৰীতিৰেখা নাথে ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি আছিল ৷ সম্প্ৰতি সমগ্ৰ বৰপেটাতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ প্ৰেছ বিবৃতি,কি কলে চাওক...

Image
বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজৰ প্ৰাক্তন ইডিটৰ-ইন-চীফ অজিত কুমাৰ ভূঞাৰ প্ৰেছ বিবৃতি নৰ্থ ইষ্ট ভয়েজঃ   আগন্তুক ৰাজ্যসভা নির্বাচনত কংগ্ৰেছ , এ আই ইউ ডি এফকে ধৰি ‘ কা' বিৰােধী জাতীয় সন্মিলিত শক্তিয়ে এজন ৰাজনৈতিক দলবহির্ভুত ব্যক্তিক প্রার্থিত্ব দিবলৈ বিচৰাত মােৰ নামটো চৰ্চালৈ আহিছে । ধর্ম নিৰপেক্ষ , গণতান্ত্রিক প্রমূল্যত বিশ্বাসী , ‘ কা' বিৰােধী আৰু জাতীয় শক্তিসমূহৰ উমৈহতীয়া প্রার্থী হিচাপে মােৰ নাম চর্চিত হােৱাত মই সন্মানিত অনুভৱ কৰিছোঁ , আৰু যদি প্রার্থিত্ব প্রদান কৰা হয় তেন্তে তাক সন্মানসহকাৰে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ । দেশৰ সংবিধানৰ প্রমূল্য , জাতীয় ঐক্য ৰক্ষা আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্রামখনক চলাই নিবলৈ মই অহর্নিশে চেষ্টা কৰি আছোঁ । সংসদত প্রতিনিধিত্ব লাভৰ সুযােগে এই সংগ্রামখনক অধিক ঐক্যবদ্ধ আৰু ফলপ্রসু হােৱাত সহায়ক ভূমিকা গ্রহণ কৰিব বুলি মই নিশ্চিত । এই নতুন যাত্রা আৰু সংগ্ৰামৰ পথত অসমৰ সমূহ ধর্মনিৰপেক্ষ , জাতীয়তাবাদী শক্তিৰ সহায় আৰু সহযােগ পাম বুলি মই আশাবাদী ।

বৰপেটা আইন মহাবিদ্যালয়ৰ অধ্যাপক তথা জেষ্ঠ্য অধিবক্তা মৃগেন দাসৰ দেহাৱসান

Image
বৰপেটা আইন মহাবিদ্যালয়ৰ অধ্যাপক মৃগেন দাসৰ মৃত্যু  বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ  বৰপেটা   আইন মহাবিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট অধিবক্তা, অসম গণ পৰিষদ দলৰ অন্যতম নেতা তথা বৰপেটা গান্ধীনগৰ নিবাসী মৃগেন দাসে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে ৷ অসম গণ পৰিষদ দল প্ৰতিষ্ঠাৰ পৰাই দলটোৰ হকে সক্ৰিয়ভাবে কাম কাজ কৰি অহা বিশিষ্ট অধিবক্তা গৰাকী বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল ৷ অসুস্থতাৰ বাবে প্ৰায় দুমাহ পূৰ্বে দাসে বৰপেটা আইন মহাবিদ্যালয়ৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬১ বছৰ ৷ দাসে মৃত্যুৰ সময়ত পত্নীসহ এগৰাকী জীয়াৰী, এগৰাকী পুত্ৰৰ লগতে আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷ দাসৰ মৃত্যুত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, অগপৰ বৰপেটা জিলা সমিতি,বৰপেটা আইন মহাবিদ্যালয়ৰ  অধ্যক্ষৰ লগতে ছাত্ৰ ছাত্ৰীয়ে  গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

কাৰাগাৰৰ পৰা মই অসমী আইৰ সন্তান অখিল গগৈয়ে কৈছো...

Image
কাৰাগৰৰ পৰা ৰাইজলৈ অখিল গগৈৰ বাৰ্তা সংগ্রামী অভিনন্দন গ্ৰহণ কৰিব। দ্বিতীয়বাৰৰ বাবে আপোনালোকলৈ এনে চিঠি লিখিলো। মই যদিও যথেষ্ট শাৰীৰিক অসুস্থতাৰ মাজত আছো, তাতোকৈ বেছি মানসিক উদ্বিগ্নতাই পীড়া দি আছে। এই উদ্বিগ্নতাৰ কাৰণ হ’ল- অসমবাসীৰ ঐতিহাসিক গণ আন্দোলন ক্ৰমে ক্ৰমে দুৰ্বল আৰু শক্তিহীন হৈ অহাটো। সেইবাবে এই চিঠিৰ জৰিয়তে ‘কা’ প্ৰত্যাহাৰৰ দাবীত এক শক্তিশালী, ধাৰাবাহিক আৰু চৰকাৰক বাধ্য কৰিব পৰা গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ মুকলি অনুৰোধ জনাবলৈকে এই পত্ৰখন লিখিলো। কেৱল শক্তিশালী গণ আন্দোলন গঢ়ি তুলিবৰ বাবেই নহয়, অসমৰ জাতীয় স্বাৰ্থ বিৰোধী, সাম্প্ৰদায়িক, মৌলবাদী আৰু ফেচীবাদী বিজেপি দলক ২০২১ৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে উৎখাত কৰাৰ আশাৰে এই পত্ৰখন আপোনালোকলৈ প্ৰেৰণ কৰিলো। মই মোৰ কথাখিনি লিখাৰ আগতে আপোনালোকলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কতৃজ্ঞতা জনাই ল’ব খুজিছো। এই ধন্যবাদ আৰু কৃতজ্ঞতা আমি কাবাগাৰত বন্দী হৈ থকা অৱস্থাত আপোনালোকে গঢ়ি তোলা আন্দোলনসূচীৰ কাৰণে। সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ, অসম শিল্পী সমাজ, অসমৰ জনজাতীয়-জনগোষ্ঠীয় সংগঠনসমূহ, নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্...

প্ৰাঞ্জলৰ পিছত এইবাৰ NIAৰ জাননী স্নাতক মহলাৰ ছাত্ৰ আছিক আলীলৈ

Image
প্ৰাঞ্জলৰ পিছত এইবাৰ নিয়াৰ জাননী স্নাতক মহলাৰ ছাত্ৰ আছিক আলীলৈ "কা" বিৰোধী সংগ্ৰামক নেতৃত্ব দিয়াৰ বাবে অখিল গগৈ,বিতু সোণোৱাল আদি কৰি কৃষক মুক্তি তথা ছাত্ৰ মুক্তিৰ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতাক মাওঁবাদীৰ সৈতে জড়িত থকাৰ অভিযোগ আনি নিয়াই গ্ৰেফতাৰ কৰিছে।  শেহতীয়াকৈ কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা  বৰ্তমান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা প্ৰাঞ্জল কলিতাক"নিয়া"ই জাননী দিয়া কাৰ্যক সৰ্বত্ৰে সমালোচনা কৰাৰ সময়তে,আজি নতুনকৈ ছাত্ৰ মুক্তিৰ গুৱাহাটী মহানগৰ সমিতিৰ যুটীয়া সম্পাদক তথা স্নাতক মহলাৰ ছাত্ৰ আছিক আলীক নিয়াই জাননী জাৰি কৰিছে।  ' নৰ্থ ইষ্ট ভয়েজ' ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক বাবুল হুছেইনে কয়- চৰকাৰে সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে কা বিৰোধী সংগ্ৰাম খনক মষিমুৰ  কৰাৰ উদ্দেশ্যেৰে কৃষক মুক্তি তথা ছাত্ৰ মুক্তিৰ নেতাসকলক টাৰ্গেট কৰা বুলি অভিযোগ উত্থাপন কৰে। সমান্তৰালভাৱে ছাত্ৰ নেতা গৰাকীয়ে নিয়াই ছাত্ৰ মুক্তিৰ গুৱাহাটী মহানগৰ সমিতিৰ যুটীয়া সম্পাদক আছিক আলীক জাননী দিয়া কাৰ্য্য ধিক্কাৰ প্ৰদান ...

কালপানী মছজিদৰ ঘটণা সম্পৰ্কত আমছুৰ প্ৰতিক্ৰিয়া

Image
বাক্সাৰ কালপানী মছজিদৰ ঘটণা সম্পৰ্কত আমছুৰ প্ৰতিক্ৰিয়া এক প্ৰেছ বিবৃতি যোগে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসয়ে জনায় যে যোৱা কালি অৰ্থাৎ ০১-০৩-২০২০ তাৰিখে বাক্সা জিলাৰ কালপানী মছজিদত কোনোবা দুস্কৃতিকাৰীয়ে কোৰান শ্বৰীফ আৰু হাদিছ শ্বৰীফৰ কেইখনমান কিতাপ জ্বলাই দিয়ে ‌।এই কাৰ্যটোক আমছুৱে তীব্র ভাষাৰে গৰিহণা দিয়ে । লগতে আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্ঠান্তমুলক শাস্থি প্ৰদান কৰিবলৈ দাবী জনায়। আনহাতে কালপানী মছজিদৰ ঘটনাটোক লৈ যাতে কোনো লোকেই সমাজত অশান্তি বিয়পাব নোৱাৰে তাৰ বাবে  আৰক্ষীক  যাবতীয় ব‍্যৱস্হা গ্ৰহণ কৰিবলৈ দাবী জনায়।বিটিচি অঞ্চলত বসবাস কৰা সকলো পক্ষৰ ৰাইজক  ধৰ্য আৰু সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনায়। বিটিচি নিৰ্বাচনৰ পূৰ্বে একাংশ লোকে ৰাজনৈতিক মুনাফা আদায়ৰ উদ্দেশ্যৰে এনেধৰণৰ অপ্ৰিতিকৰ ঘটনা সংগঠিত কৰিবলৈ প্ৰয়াস কৰি থকা আমাৰ দৃষ্ঠিগোচৰ হৈছে।এই ক্ষেত্ৰত আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনায়।এখন ধৰ্ম গ্ৰন্থ জ্বলাই দি সেই ধৰ্মৰ নীতি আদৰ্শক কেতিয়াও শেষ কৰিব নোৱাৰে।এই ক্ষেত্ৰত সক...