বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত এজন কণিষ্ঠ অভিযন্তা

বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা ,থিতাতে নিহত এজন কণিষ্ঠ অভিযন্তা  


বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ দিনক দিনে বৃদ্ধি পাইছে গাড়ীচালকৰ অতপালি। আৰক্ষী প্ৰশাসনৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ বৰপেটা চহৰত ট্ৰাক ডাম্পাৰে সৃষ্টি কৰিছে একপ্ৰকাৰ বিভীষিকাৰ ৷ ইয়াৰ ফলত যোৱা নিশা অকালতে এগৰাকী কণিষ্ঠ অভিযন্তাই  মৃত্যুক সাবটি লৱ লগা হয়৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে বৰপেটা চহৰৰ গান্ধীনগৰ নিবাসী কণক চন্দ্ৰ পাঠকৰ জ্যেষ্ঠ পুত্ৰ কংকণ পাঠকক যোৱা নিশা "V2" Shopping Mallৰ সমীপত এখন অচিনাকি বাহনে মহতিয়াই লৈ যায় ।ইয়াৰ ফলত নগৰ উন্নয়ন পৰিকল্পনা বিভাগৰ কণিষ্ঠ অভিযন্তা কংকণ পাঠকৰ থিতাতে মৃত্যু হয় । বৰপেটা চহৰৰ সকলো স্তৰৰ লোকৰ প্ৰিয়ভাজন কংকণ পাঠকৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

Comments

Popular posts from this blog

বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী

অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়ধীশ ইছমাইল হুছেইন মল্লিকৰ দেহাৱসান