মেট্ৰিক পৰীক্ষাত নকলৰ অভিযোগত বহিষ্কৃত বৰপেটাৰ লিপিকা পাৰবীনে পৃথিৱীৰ পৰা মেলানি মাগিলে

  1. মেট্ৰিক পৰীক্ষাত নকলৰ অভিযোগত বহিষ্কৃত বৰপেটাৰ লিপিকা পাৰবীনে পৃথিৱীৰ পৰা মেলানি মাগিলে



পৰীক্ষাত নকল কৰাৰ অভিযোগত নিৰীক্ষকে পৰীক্ষাকেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰিছিল বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লিপিকা পাৰবিন নামৰ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীক। আৰবী বিষয়ৰ পৰীক্ষাত বহিষ্কৃত হৈছিল ছাত্ৰীগৰাকী।

বহিষ্কাৰ হোৱাৰ এদিন পিছতে খেতিপথাৰত দিয়া ঔষধ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায় ছাত্ৰীগৰাকীয়ে । লগে লগে পৰিয়ালৰ লোকে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও স্বাস্থ্যৰ অৱনতি ঘটাত শনিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। আৰু মংগলবাৰে ছাত্ৰীগৰাকীৰ চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ।

লিপিকা পাৰবিনে বহৰি হাইস্কুল পৰীক্ষা কেন্দ্ৰত দিছিল পৰীক্ষা।কিন্তু পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগ তুলি নীৰিক্ষকে বহিষ্কাৰ কৰাৰ পিছৰে পৰা মানসিক ভাবে ভাঙি পৰে ছাত্ৰীগৰাকী।

ছাত্ৰীগৰাকীৰ আত্মহননৰ পিছতে, পিতৃ মহম্মদ লতিফে পৰীক্ষা কেন্দ্ৰত নিৰীক্ষক  ছাজিদা খাতুনে লিপিকাক মানসিক ভাবে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত কৰিছে।

Comments

Popular posts from this blog

বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী

লক ডাউনৰ সময়ত বৰপেটাৰ Charakpara Five Star Clubৰ মহানুভৱতা, দুখীয়া ৰাইজৰ মাজত বিতৰন কৰিলে খাদ্য সামগ্ৰী