নগাঁওত কৃষক মুক্তিৰ গণ প্ৰতিবাদী কাৰ্যসুচী
কা বাতিল আৰু অখিল গগৈসহ সকলো কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত নগাঁওত কৃষক মুক্তিৰ গণ প্ৰতিবাদী কাৰ্যসূচী
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত 'কা' বাতিল আৰু কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, ছাত্ৰ নেতা বিতু সোণোৱাল আৰু মানস কোঁৱৰসহ কাৰাৰুদ্ধ সকলো নেতা মুক্তিৰ দাবীত আজি নগাঁও জিলাৰ ৰহা সমষ্টিৰ লুটুমাৰীত এক বিশাল গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদী কাৰ্যসূচীত শিল্পী বিপিন চাওঁদাংয়ে অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায়
লগতে জেষ্ঠ্য অধিবক্তা নেকিবুৰ জামান, কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি অনিল বড়ো, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাসহ স্থানীয় বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি সকলোৱে জাতিধ্বংসী 'কা' বাতিলৰ লগতে কৃষক নেতা অখিল গগৈ, কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল আৰু মানস কোঁৱৰসহ সকলো কাৰাৰুদ্ধ নেতাৰ বিনাচৰ্তে মুক্তিৰ দাবী জনায়।

Comments
Post a Comment