Posts

অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়ধীশ ইছমাইল হুছেইন মল্লিকৰ দেহাৱসান

অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়ধীশ  ইছমাইল হুছেইন মল্লিকৰ দেহাৱসান নৰ্থ ইষ্ট ভয়েজ,বৰপেটাঃ  অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়াধীশ ইছমাইল হুছেইন মল্লিকে আজি  বৰপেটা টাউনৰ গান্ধীনগৰস্থিত নিজ বাসভৱনতে চিৰবিদায় মাগে। আইনৰ ক্ষেত্ৰখনত বৰ্ণাঢ্য কেৰিয়াৰেৰে কৰ্ম জীৱন সামৰা ইছমাইল হুছেইন মল্লিকৰ যোৱা নিশা ২:২০ বজাত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত মল্লিকৰ বয়স হৈছিল ৭৭ বছৰ। ১৯৪৩ চনৰ ১ মাৰ্চত বৰপেটা জিলাৰ তাৰাবাৰীত জন্মগ্ৰহণ কৰা মল্লিকে ১৯৫৬ চনত তাৰাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে। ১৯৬১ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লয়।  বি এ পাছ কৰিয়েই বৰপেটা জিলাৰ চেনিমাৰী আজাদ মেমৰিয়েল হাই স্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে। কিছুদিন পিছতেই তেওঁ কয়াকুছি হাই স্কুলত শিক্ষক হিচাপে যোগদান কৰে।  একেটা বছৰতে শিক্ষকতা এৰি বৰপেটা গড়কাপ্তানি বিভাগৰ একাউণ্ট অফিচাৰ হিচাপে যোগদান কৰে। চৰকাৰী এই চাকৰি এৰি তেওঁ  আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ ১৯৬২ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। আইনৰ ডিগ্ৰী গ্ৰহণ কৰি ১৯৬৭ চনত প্ৰথমতে বৰপেটা...

বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

Image
বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰীঃ বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ   সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে মহামাৰী ৰূপ লোৱাৰ বাবে বিশ্ববাসী এতিয়া আতংকময় পৰিৱেশত থাকিব লগা হৈছে। এই মহামাৰীৰ পৰা হাত হাৰিবলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ২১ দিনীয়া লক ডাউন ঘোষণা কৰিছে। এই সময়ছোৱাতে একাংশ দৰিদ্ৰ লোকে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে। তেনে এক সংকটময় সময়ত অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে বজালীৰ বতিয়ামাৰীৰ একাংশ শিক্ষক, সামৰিক বিভাগত কাম কৰা ব্যক্তি তথা কেইজনমান ব্যৱসায়িৰ উদ্যোগত ১৫০ ঘৰ দৰিদ্ৰ লোকক প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। ‌ ‌লগতে  ব্যক্তিসকলে এই দুৰ্যোগৰ সময়ত অসমবাসীক আৰ্তজনৰ কাষত থিয় হবলৈ অনুৰোধ জনায় আৰু চৰকাৰে আহ্বান জনোৱা লক ডাউন মানি এই মহামাৰীৰ পৰা হাত সাৰিবলৈ চৰকাৰক  সহযোগ কৰিবলৈ  আহ্বান জনায়।

লক ডাউনৰ সময়ত বৰপেটাৰ Charakpara Five Star Clubৰ মহানুভৱতা, দুখীয়া ৰাইজৰ মাজত বিতৰন কৰিলে খাদ্য সামগ্ৰী

Image
লক ডাউনৰ সময়ত Charakpara Five Star Club ৰ মহানুভৱতা, দুখীয়া ৰাইজৰ মাজত বিতৰন কৰিলে খাদ্য সামগ্ৰীঃ মানুহে মানুহৰ বাবে এই আপ্ত বাক্যশাৰীকেই সাৰোগত বৰপেটাৰ Charakpara Five Star Clubএ দাঙি ধৰিলে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। সমগ্ৰ বিশ্বতে ক'ৰোনা নামৰ মহামাৰীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। চীনৰ য়ুহান প্ৰদেশৰ পৰা উৎপত্তি হোৱা এই বিষাক্ত ভাইৰাছৰ ফলত ভাৰতবৰ্ষত বৰ্তমানলৈ ৬,২৩৭ ব্যক্তি আক্ৰান্তৰ বিপৰিতে ১৮৪ জন  ব্যক্তিয়ে মৃত্যুক সাৱতি লবলগীয়া হৈছে। অবশ্যে বৰ্তমানলৈ ৫৬৯ জন লোক এই বিষাক্ত ভাইৰাছৰ কবলৰ পৰা মুক্ত হৈছে বুলি জানি পৰা গৈছে। সমগ্ৰ বিশ্বৰ বিভিন্ন দেশে ক'ৰোনা ভাইৰাছক ৰুধিবলৈ নিজ নিজ দেশত লক ডাউন ঘোষণা কৰাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনীয়া লক ডাউনৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ এই জণসুৰক্ষাকাৰী আহ্বানক দেশবাসীয়ে আদৰি লৈছে যদিও কিছু কিছু ঠাইত ইয়াৰ ব্যতিক্ৰমী ছবি দেখিবলৈ পোৱা গৈছে। এনে এক জটিল সন্ধিক্ষণত ২১ দিনীয়া লক ডাউনৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। যাৰ ফলত দুখীয়া জণগনে এমুঠি  অন্নৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। প্ৰয়োজনীয় খাদ...

Children Welfare Society (NGO)ৰ দৰিদ্ৰ জণসাধাৰনৰ মাাজত খাদ্য সামগ্ৰী বিতৰনঃ

Image
Children Welfare Society (NGO)ৰ দৰিদ্ৰ জণসাধাৰনৰ মাাজত খাদ্য সামগ্ৰী বিতৰনঃ মানুহে মানুহৰ বাবে এই আপ্ত বাক্যশাৰীকেই সাৰোগত বাঘবৰ সমষ্টিৰ "Children Welfare Society (NGO)" ই দাঙি ধৰিলে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ    সমগ্ৰ বিশ্বতে ক'ৰোনা নামৰ মহামাৰীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। চীনৰ য়ুহান প্ৰদেশৰ পৰা উৎপত্তি হোৱা এই বিষাক্ত ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে বৰ্তমানলৈ ৭,৯৯,৭১০ ব্যক্তি আক্ৰান্তৰ বিপৰিতে ৩৮,৭২৯ ব্যক্তিয়ে মৃত্যুক সাৱতি লবলগীয়া হৈছে। অবশ্যে বৰ্তমানলৈ ১,৬৯,৯৭৬ জন লোক এই বিষাক্ত ভাইৰাছৰ কবলৰ পৰা মুক্ত হৈছে বুলি জানি পৰা গৈছে। সমগ্ৰ বিশ্বৰ বিভিন্ন দেশে ক'ৰোনা ভাইৰাছক ৰুধিবলৈ নিজ নিজ দেশত লক ডাউন ঘোষণা কৰাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনীয়া লক ডাউনৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ এই জণসুৰক্ষাকাৰী আহ্বানক দেশবাসীয়ে আদৰি লৈছে যদিও কিছু কিছু ঠাইত ইয়াৰ ব্যতিক্ৰমী ছবি দেখিবলৈ পোৱা গৈছে। এনে এক জটিল সন্ধিক্ষণত ২১ দিনীয়া লক ডাউনৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। যাৰ ফলত দুখীয়া জণগনে এমুঠি  অন্নৰ ব...

বাঘবৰ জুনিয়ৰ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ মহানুভৱতা, দৰিদ্ৰ জণগনক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

Image
বাঘবৰ জুনিয়ৰ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ মহানুভৱতা, দৰিদ্ৰ জণগনক প্ৰদান কৰিলে খাদ্য সামগ্ৰী বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ    সমগ্ৰ বিশ্বতে ক'ৰোনা নামৰ মহামাৰীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। চীনৰ য়ুহান প্ৰদেশৰ পৰা উৎপত্তি হোৱা এই বিষাক্ত ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে বৰ্তমানলৈ  ৩৫,০০০ জন ব্যক্তিৰ প্ৰাণ-নাশৰ বিপৰিতে  ৭,৩৭,৫৭৭   জন আক্ৰান্ত হৈছে। এই আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পোৱাৰ বিপৰিতে কেইবাহাজাৰ লোক এই বিষাক্ত ভাইৰাছৰ কবলৰ পৰা মুক্ত হৈছে বুলি জানি পৰা গৈছে। সমগ্ৰ বিশ্বৰ বিভিন্ন দেশে ক'ৰোনা ভাইৰাছক ৰুধিবলৈ নিজ নিজ দেশত লক ডাউন ঘোষণা কৰাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনীয়া লক ডাউনৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ এই জণসুৰক্ষাকাৰী আহ্বানক দেশবাসীয়ে আদৰি লৈছে যদিও কিছু কিছু ঠাইত ইয়াৰ ব্যতিক্ৰমী ছবি দেখিবলৈ পোৱা গৈছে। এনে এক জটিল সন্ধিক্ষণত ২১ দিনীয়া লক ডাউনৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। যাৰ ফলত দুখীয়া জণগনে এমুঠি  অন্নৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। চৰকাৰে সাহাৰ্য্য ঘোষণা কৰিছে যদিও এতিয়ালৈকে জণসাধ...

বৰপেটাত পুখুৰীত পৰি অকালতে প্ৰাণ গ'ল ৩ কিশোৰী,শোকাকুল পৰিৱেশ পৰিয়ালত

Image
বৰপেটাত পুখুৰীত পৰি অকালতে পৃথিৱী এৰি গুচি গ'ল ৩ কিশোৰী,পৰিয়ালত কান্দোনৰ ৰোল বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ    বৰপেটাত  সংঘটিত হৈছে এক কৰুণ ঘটনা ৷বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটালৰ পিচফালৰ যঁতিগাওত পুখুৰীত পৰি তিনিজনী কিশোৰীৰ মৃত্যু ৷ মৃত কিশোৰী কেইগৰাকী হৈছে- ৰিতুস্মিতা নাথ, প্ৰীতিৰেখা নাথ, মৃদুস্মিতা দাস ৷ জানিব পৰা মতে- হোলী খেলাৰ পিচতে এটা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰীকেইজনী ৷ ৰিতুস্মিতা নাথ আৰু প্ৰীতিৰেখা নাথ দুয়োজনী নিজ ভগ্নী ৷ আনহাতে মৃদুস্মিতা দাস আছিল তেওঁলোকৰ সম্পৰ্কীয় ভগ্নী ৷ নিজ ঘৰৰ পিচফালে থকা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰী কেইগৰাকী ৷ সলিল সমাধি ঘটা মধুস্মিতা দাস নামৰ কিশোৰীজনী দীনেশ দাসৰ কন্যা  ৷ দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল মধুস্মিতা দাস (১৬) ৷ আনহাতে সত্যজিৎ নাথৰ দুই কন্যা ক্ৰমে ৰিতুস্মিতা নাথ (১৪) আৰু প্ৰীতিৰেখা নাথ( ১২) ৷ অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল ৰিতুস্মিতা নাথ ৷ আনহাতে প্ৰীতিৰেখা নাথে ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি আছিল ৷ সম্প্ৰতি সমগ্ৰ বৰপেটাতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ প্ৰেছ বিবৃতি,কি কলে চাওক...

Image
বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজৰ প্ৰাক্তন ইডিটৰ-ইন-চীফ অজিত কুমাৰ ভূঞাৰ প্ৰেছ বিবৃতি নৰ্থ ইষ্ট ভয়েজঃ   আগন্তুক ৰাজ্যসভা নির্বাচনত কংগ্ৰেছ , এ আই ইউ ডি এফকে ধৰি ‘ কা' বিৰােধী জাতীয় সন্মিলিত শক্তিয়ে এজন ৰাজনৈতিক দলবহির্ভুত ব্যক্তিক প্রার্থিত্ব দিবলৈ বিচৰাত মােৰ নামটো চৰ্চালৈ আহিছে । ধর্ম নিৰপেক্ষ , গণতান্ত্রিক প্রমূল্যত বিশ্বাসী , ‘ কা' বিৰােধী আৰু জাতীয় শক্তিসমূহৰ উমৈহতীয়া প্রার্থী হিচাপে মােৰ নাম চর্চিত হােৱাত মই সন্মানিত অনুভৱ কৰিছোঁ , আৰু যদি প্রার্থিত্ব প্রদান কৰা হয় তেন্তে তাক সন্মানসহকাৰে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ । দেশৰ সংবিধানৰ প্রমূল্য , জাতীয় ঐক্য ৰক্ষা আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্রামখনক চলাই নিবলৈ মই অহর্নিশে চেষ্টা কৰি আছোঁ । সংসদত প্রতিনিধিত্ব লাভৰ সুযােগে এই সংগ্রামখনক অধিক ঐক্যবদ্ধ আৰু ফলপ্রসু হােৱাত সহায়ক ভূমিকা গ্রহণ কৰিব বুলি মই নিশ্চিত । এই নতুন যাত্রা আৰু সংগ্ৰামৰ পথত অসমৰ সমূহ ধর্মনিৰপেক্ষ , জাতীয়তাবাদী শক্তিৰ সহায় আৰু সহযােগ পাম বুলি মই আশাবাদী ।