অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়ধীশ ইছমাইল হুছেইন মল্লিকৰ দেহাৱসান

অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়ধীশ  ইছমাইল হুছেইন মল্লিকৰ দেহাৱসান

নৰ্থ ইষ্ট ভয়েজ,বৰপেটাঃ অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়াধীশ ইছমাইল হুছেইন মল্লিকে আজি  বৰপেটা টাউনৰ গান্ধীনগৰস্থিত নিজ বাসভৱনতে চিৰবিদায় মাগে। আইনৰ ক্ষেত্ৰখনত বৰ্ণাঢ্য কেৰিয়াৰেৰে কৰ্ম জীৱন সামৰা ইছমাইল হুছেইন মল্লিকৰ যোৱা নিশা ২:২০ বজাত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত মল্লিকৰ বয়স হৈছিল ৭৭ বছৰ।

১৯৪৩ চনৰ ১ মাৰ্চত বৰপেটা জিলাৰ তাৰাবাৰীত জন্মগ্ৰহণ কৰা মল্লিকে ১৯৫৬ চনত তাৰাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে। ১৯৬১ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লয়।  বি এ পাছ কৰিয়েই বৰপেটা জিলাৰ চেনিমাৰী আজাদ মেমৰিয়েল হাই স্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে। কিছুদিন পিছতেই তেওঁ কয়াকুছি হাই স্কুলত শিক্ষক হিচাপে যোগদান কৰে।  একেটা বছৰতে শিক্ষকতা এৰি বৰপেটা গড়কাপ্তানি বিভাগৰ একাউণ্ট অফিচাৰ হিচাপে যোগদান কৰে। চৰকাৰী এই চাকৰি এৰি তেওঁ  আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ ১৯৬২ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। আইনৰ ডিগ্ৰী গ্ৰহণ কৰি ১৯৬৭ চনত প্ৰথমতে বৰপেটা জিলা আদালতত যোগদান কৰে। উকালতি এৰি ৰাজনীতিত প্ৰত্যক্ষ ভাৱে জৰিত হয়। তেওঁ পঞ্চায়ত নিৰ্বাচন জয়ী হৈ চেঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে । ১৯৭২ চনত চেঙা বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই মাত্ৰ তিনি শতাধিক ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে। বিধান সভা নিৰ্বাচনত পৰাজয়ৰ পিছতেই তেওঁ ৰাজনীতি ত্যাগ কৰে আৰু ১৯৭৩ চনত ধুবুৰী জিলা ন্যায়ালয়ৰ মুঞ্চিফ হিচাপে চাকৰিত যোগদান কৰে। ইয়াৰ পিছত তেওঁ ন্যায়িক দণ্ডাধীশ হিচাপে গুৱাহাটী, হাইলাকান্দি,শিলচৰ আৰু এছ ডি জে এম হিচাপে হোজাই, গোলাঘাট, লখিমপুৰ আদিত ন্যায়িক সেৱা আগবঢ়োৱাৰ পাছত মুখ্য ন্যায়িক দণ্ডাধীশলৈ পদোন্নতি হয়। চি জে এম হিচাপে দৰং আৰু নলবাৰী জিলা ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁৰ পুনৰ পদোন্নতি হয়। সহকাৰী জিলা আৰু চেচন ন্যায়ধীশ নং ১ হিচাপে কামৰূপ জিলাত যোগদান কৰে। মল্লিকৰ দক্ষতাৰ ভিত্তিতে জিলা আৰু চেচন ন্যায়ধীশ পদত অধিষ্ঠিত হয়। জিলা আৰু চেচন ন্যায়ধীশ হিচাপে যোৰহাট, কৰিমগঞ্জ , ধুবুৰী আৰু ২০০৩ চনত মল্লিকে বঙাইগাঁৱৰ পৰা অৱসৰ লয়। অৱসৰ গ্ৰহণ কৰাৰ পাছতো বিদেশী ন্যায়ধিকৰণৰ সদস্য হিচাপে যোগদান কৰে। নগাঁও, ডিফু আৰু শিলচত ন্যায়িক সেৱা আগবঢ়োৱাৰ পিছত ২০০৭ চনত তেওঁ কৰ্মজীৱনৰ পৰা অৱসৰ লয়।

ইয়াৰ পিছত তেওঁ বৰপেটাৰ নিজ বাসভৱনত থাকিবলৈ লয়। কিছুদিন পূৰ্বে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰ হেল্থ চিটিত ভৰ্তি কৰা হয় যদিও চিকিৎসকৰ পৰামৰ্শ মতে কালি ঘৰলৈ নিয়া হয়। মৃত্যুৰ সময়ত মল্লিকে পত্নী, চাৰিগৰাকীকৈ কণ্যা, জী-জোৱাই, নাতি নাতিনী ইহসংসাৰত এৰি থৈ যায়। সম্প্ৰতি তেখেতৰ মৃত্যুত সমগ্ৰ বৰপেটা টাউনতে শোকৰ ছা বিৰাজ কৰিছে।

Comments

Popular posts from this blog

বজালীৰ বতিয়ামাৰীত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা, দুখীয়াক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী