Posts

Showing posts from February, 2020

বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত এজন কণিষ্ঠ অভিযন্তা

Image
বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা ,থিতাতে নিহত এজন কণিষ্ঠ অভিযন্তা   বৰপেটাৰ পৰা ৰাছিদুল হক আহমেদৰ ৰিপোৰ্টঃ  দিনক দিনে বৃদ্ধি পাইছে গাড়ীচালকৰ অতপালি। আৰক্ষী প্ৰশাসনৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ বৰপেটা চহৰত ট্ৰাক ডাম্পাৰে সৃষ্টি কৰিছে একপ্ৰকাৰ বিভীষিকাৰ ৷ ইয়াৰ ফলত যোৱা নিশা অকালতে এগৰাকী কণিষ্ঠ অভিযন্তাই  মৃত্যুক সাবটি লৱ লগা হয়৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে বৰপেটা চহৰৰ গান্ধীনগৰ নিবাসী কণক চন্দ্ৰ পাঠকৰ জ্যেষ্ঠ পুত্ৰ কংকণ পাঠকক যোৱা নিশা "V2" Shopping Mallৰ সমীপত এখন অচিনাকি বাহনে মহতিয়াই লৈ যায় ।ইয়াৰ ফলত নগৰ উন্নয়ন পৰিকল্পনা বিভাগৰ কণিষ্ঠ অভিযন্তা কংকণ পাঠকৰ থিতাতে মৃত্যু হয় । বৰপেটা চহৰৰ সকলো স্তৰৰ লোকৰ প্ৰিয়ভাজন কংকণ পাঠকৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

মেট্ৰিক পৰীক্ষাত নকলৰ অভিযোগত বহিষ্কৃত বৰপেটাৰ লিপিকা পাৰবীনে পৃথিৱীৰ পৰা মেলানি মাগিলে

Image
মেট্ৰিক পৰীক্ষাত নকলৰ অভিযোগত বহিষ্কৃত বৰপেটাৰ লিপিকা পাৰবীনে পৃথিৱীৰ পৰা মেলানি মাগিলে পৰীক্ষাত নকল কৰাৰ অভিযোগত নিৰীক্ষকে পৰীক্ষাকেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰিছিল বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লিপিকা পাৰবিন নামৰ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীক। আৰবী বিষয়ৰ পৰীক্ষাত বহিষ্কৃত হৈছিল ছাত্ৰীগৰাকী। বহিষ্কাৰ হোৱাৰ এদিন পিছতে খেতিপথাৰত দিয়া ঔষধ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায় ছাত্ৰীগৰাকীয়ে । লগে লগে পৰিয়ালৰ লোকে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও স্বাস্থ্যৰ অৱনতি ঘটাত শনিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। আৰু মংগলবাৰে ছাত্ৰীগৰাকীৰ চিকিৎসালয়তে মৃত্যুক সাৱটি লয় । লিপিকা পাৰবিনে বহৰি হাইস্কুল পৰীক্ষা কেন্দ্ৰত দিছিল পৰীক্ষা।কিন্তু পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগ তুলি নীৰিক্ষকে বহিষ্কাৰ কৰাৰ পিছৰে পৰা মানসিক ভাবে ভাঙি পৰে ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীৰ আত্মহননৰ পিছতে, পিতৃ মহম্মদ লতিফে পৰীক্ষা কেন্দ্ৰত নিৰীক্ষক  ছাজিদা খাতুনে লিপিকাক মানসিক ভাবে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত কৰিছে।

বৰদোৱাৰ কদমুনীত কৃষক মুক্তিৰ গণ প্ৰতিবাদী কাৰ্যসূচী

Image
বৰদোৱাৰ কদমুনীত কৃষক মুক্তিৰ গণ প্ৰতিবাদী কাৰ্যসূচী কা বাতিল আৰু অখিল গগৈসহ সকলো কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত বৰদোৱাৰ কদমুনীত কৃষক মুক্তিৰ গণ প্ৰতিবাদী কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত 'কা' বাতিল আৰু কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, ছাত্ৰ নেতা বিতু সোণোৱাল আৰু মানস কোঁৱৰসহ কাৰাৰুদ্ধ সকলো নেতা মুক্তিৰ দাবীত আজি নগাঁও জিলাৰ বটদ্ৰৱা  সমষ্টিৰ কদমুনীত এক বিশাল গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্যসূচীত শিল্পী বিপিন চাওঁদাং, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, কা বিৰোধী সংগ্ৰামৰ অগ্ৰণী নেত্ৰী মিৰা বৰঠাকুৰ, মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি অনিল বড়ো, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম আৰু আমছুৰ যুটীয়া সম্পাদক মোছাৰফ হুছেইন কবীৰ, সংগ্ৰামী কবি-লেখক বুবুল শৰ্মাৰ লগতে স্থানীয়  বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি সকলোৱে জাতিধ্বংসী 'কা' বাতিলৰ লগতে কৃষক নেতা অখিল গগৈ, কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল আৰু মানস কোঁৱৰসহ সকলো কাৰাৰুদ্ধ নেতা...

নগাঁওত কৃষক মুক্তিৰ গণ প্ৰতিবাদী কাৰ্যসুচী

Image
কা বাতিল আৰু অখিল গগৈসহ সকলো কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত নগাঁওত কৃষক মুক্তিৰ গণ প্ৰতিবাদী কাৰ্যসূচী   কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত 'কা' বাতিল আৰু কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, ছাত্ৰ নেতা বিতু সোণোৱাল আৰু মানস কোঁৱৰসহ কাৰাৰুদ্ধ সকলো নেতা মুক্তিৰ দাবীত আজি নগাঁও জিলাৰ ৰহা সমষ্টিৰ  লুটুমাৰীত এক বিশাল গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্যসূচীত শিল্পী বিপিন চাওঁদাংয়ে অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায় লগতে জেষ্ঠ্য অধিবক্তা নেকিবুৰ জামান, কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি অনিল বড়ো, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাসহ স্থানীয়  বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি সকলোৱে জাতিধ্বংসী 'কা' বাতিলৰ লগতে কৃষক নেতা অখিল গগৈ, কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল আৰু মানস কোঁৱৰসহ সকলো কাৰাৰুদ্ধ নেতাৰ বিনাচৰ্তে মুক্তিৰ দাবী জনায়।

ধিংৰ ডুমডুমীয়াত "কা" বিৰোধী গণ গর্জন কাৰ্যসূচী

Image
ডুমডুমীয়াত অসম মিঞা পৰিষদৰ উদ্যোগত আয়োজিত গণ গর্জন কাৰ্যসূচী ঃ আজি ধিংৰ ডুমডুমীয়াত অসম মিঞা পৰিষদৰ উদ্যোগত আয়োজিত এই গণ গর্জন কাৰ্যসূচীত ভাষণ প্ৰদান কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে চৰকাৰে বলপূৰ্বকভাৱে জাপি দিলেও সংবিধান বিৰোধী, সাম্প্ৰদায়িক, অসম চুক্তি বিৰোধী আৰু অসমীয়া জাতিধ্বংসী কাৰ দৰে কলা আইন অসমৰ ৰাইজে আৰু অসমীয়া জাতিয়ে  কেতিয়াও মানি নলয় বুলি হুংকাৰ প্ৰদান কৰে।  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীন সংগ্ৰামলৈ চৰকাৰে ভয় কৰে বাবেই কৃষক মুক্তি সংগ্ৰাম সমিতিক ধ্বংসৰ ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে ছাত্ৰ নেতা আশ্ৰাফুল ইছলামে।  কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ নেতা বিতু সোণোৱাল আৰু মানস কোঁৱৰসহ সকলো কাৰাৰুদ্ধ নেতাৰ বিনাচৰ্তে মুক্তিৰ দাবীও সজোৰে উত্থাপন কৰে ছাত্ৰ মুক্তিৰ নেতা গৰাকীয়ে।  চৰকাৰ সকলো ষড়যন্ত্ৰ আৰু বিভাজনৰ ৰাজনীতিক উফৰাই অসমৰ সকলো ৰাইজ আৰু দল-সংগঠনক 'কা'ৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ বাবে আহ্বান জনায় ছাত্ৰ মুক্তিৰ নেতা আশ্ৰাফুল ইছলামে।

বিটিএডি/বিটিআৰৰ ধৰ্মীয় সংখ্যালঘু আৰু অন্যান্য জনগোষ্ঠীয় লোকৰ বিভিন্ন সমস্যা সম্পৰ্কে বিটিচি প্ৰশাসনৰ লগত আমছুৰ আলোচনাঃ

Image
বিটিএডি/বিটিআৰৰ ধৰ্মীয় সংখ্যালঘু আৰু অন্যান্য জনগোষ্ঠীয় লোকৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰাৰ্থে আজি ইং ১৩.০২.২০২০ তাৰিখে দিনৰ ২ বজাৰ পৰা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু বিটিচিৰ প্ৰধান সচিব সমন্বিতে বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত আমছুৰ নেতৃত্বৰ লগত এক আনুষ্ঠানিক বৈঠক কোকৰাঝাৰৰ বিটিচি সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। আমছুৰ প্ৰতিনিধি দলে ১৫ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ হাতত অৰ্পণ কৰি সমস্যা সমূহৰ সমাধানৰ দাবী উত্থাপন কৰে। আমছুৰ প্ৰতিনিধি দলত উপদেষ্টা আজিজুৰ ৰহমান, সভাপতি ৰেজাউল কৰিম সৰকাৰ, কাৰ্য্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰন সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, উপসভাপতি ৰফিকুল ইছলাম, সহকাৰী সাধাৰন সম্পাদক মিন্নাতুল ইছলাম, জয়নাল আলী, সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইন, আমছুৰ কোকৰাঝাৰ, পশ্চিম কোকৰাঝাৰ, চিৰাং, বিজনী, বাক্সা আৰু ওদালগুৰি জিলা সমিতিৰ সভাপতি সকল উপস্থিত আছিল। আলোচনাকালত হাগ্ৰামা মহিলাৰীয়ে পৰ্যায়ক্ৰমে সমস্যা সমূহ সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে, বিশেষকৈ বিটিএডিৰ লগতে সমগ্ৰ অসমত বড়ো আৰু অন্যান্...

North East Voice লৈ স্বাগতম

Image
সংবাদ জগতত নিৰ্ভীক,নিৰপেক্ষ,আপোচহীন সাংবাদিকতাৰ প্ৰতিশ্ৰুতিৰে নৱতম সংযোজন North East Voice ৱেব মেডিয়া। x