Posts

Showing posts from May, 2020

অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়ধীশ ইছমাইল হুছেইন মল্লিকৰ দেহাৱসান

অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়ধীশ  ইছমাইল হুছেইন মল্লিকৰ দেহাৱসান নৰ্থ ইষ্ট ভয়েজ,বৰপেটাঃ  অৱসৰপ্ৰাপ্ত জিলা আৰু ছেছন ন্যায়াধীশ ইছমাইল হুছেইন মল্লিকে আজি  বৰপেটা টাউনৰ গান্ধীনগৰস্থিত নিজ বাসভৱনতে চিৰবিদায় মাগে। আইনৰ ক্ষেত্ৰখনত বৰ্ণাঢ্য কেৰিয়াৰেৰে কৰ্ম জীৱন সামৰা ইছমাইল হুছেইন মল্লিকৰ যোৱা নিশা ২:২০ বজাত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত মল্লিকৰ বয়স হৈছিল ৭৭ বছৰ। ১৯৪৩ চনৰ ১ মাৰ্চত বৰপেটা জিলাৰ তাৰাবাৰীত জন্মগ্ৰহণ কৰা মল্লিকে ১৯৫৬ চনত তাৰাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে। ১৯৬১ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লয়।  বি এ পাছ কৰিয়েই বৰপেটা জিলাৰ চেনিমাৰী আজাদ মেমৰিয়েল হাই স্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে। কিছুদিন পিছতেই তেওঁ কয়াকুছি হাই স্কুলত শিক্ষক হিচাপে যোগদান কৰে।  একেটা বছৰতে শিক্ষকতা এৰি বৰপেটা গড়কাপ্তানি বিভাগৰ একাউণ্ট অফিচাৰ হিচাপে যোগদান কৰে। চৰকাৰী এই চাকৰি এৰি তেওঁ  আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ ১৯৬২ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। আইনৰ ডিগ্ৰী গ্ৰহণ কৰি ১৯৬৭ চনত প্ৰথমতে বৰপেটা...